Breaking News
আজিৰ অসম

দিঘলীপুখুৰী পাৰ আৰু প্ৰতিবাদ

গুৱাহাটীস্থিত বুৰঞ্জীপ্ৰসিদ্ধ দিঘলীপুখুৰী পাৰ প্ৰায়ে হৈ থকা ভিন্ন প্ৰতিবাদ সমূহৰ বাবে সেই ঠাইখিনিত অৱস্থিত কটন বিশ্ববিদ্যালয়,হেন্দিক ক’লেজৰ ছাত্ৰ-ছাত্ৰীসকল,ৰাজ্যিক সংগ্ৰাহলয় আদিৰ ভিন্ন কৰ্মচাৰী সকলৰ বহু অসুবিধাৰ সন্মুখীন হোৱাৰ উপৰিে ট্ৰেফিক জামে বহু সমস্যাৰ সৃষ্টি কৰে।সেই হেতুকে উকীল সন্থা গুৱাহাটীৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত ১১চেপ্তেম্বৰ ২০১৭চনত অভিযোগ দাখিল কৰে।কিন্তু পৰৱৰ্ত্তী সময়লৈ ইয়াৰ কোনো ধৰনৰ উপায় নোলোৱাত যোৱাকালি প্ৰেছ ক্লাৱত অনুষ্ঠিত সভাত উকীল সন্থাৰ অধ্যক্ষ শৈলেন্দ্ৰ দাসে প্ৰশাসন আৰু আদালতে ঘটনাটোক অধিক গুৰুত্ব প্ৰদান নকৰাৰ বাবে উকীল সন্থাই নিজাকৈ আইনী ব্যৱস্থা গ্ৰহন কৰিব বুলি মত প্ৰকাশ কৰে।

Click Here To Play