২০১৬চনত শাৰদা দেৱী নামৰ মহিলা এগৰাকীৰ কিডনি সলনি কৰাৰ বাবে মৰাণৰ কিডনি দানকাৰী দেৱজিত শৰ্মাক নগাঁৱৰ পৰাগ শৰ্মা আৰু মানস কমল শৰ্মা নামৰ দুজন ব্যক্তিয়ে যোগাযোগ কৰি দিছিল।কিডনি দানকাৰী জনৰ বাবে ৬লাখ টকাৰ চেক এখন প্ৰদান কৰিছিল সেই মধ্যস্থতাকাৰী ব্যক্তি দুজনৰ সহায়ত।কিন্তু চেক খন বাউঞ্চ হোৱা বাবে দেৱজিত শৰ্মাই বিশ্বাসঘাটক কৰা ব্যক্তি দুজনৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।সেই মৰ্মে ব্যক্তি দুজনৰ বিৰুদ্ধে অভিযোগ গ্ৰহন কৰি আৰক্ষীয়ে যোৱা শনিবাৰে তেওঁলোক গুৱাহাটীৰ হাটীগাঁওৰ পৰা আটক কৰে।
Begin typing your search above and press return to search.