বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : A

দল :ৰাচিয়া
শ্ৰেষ্ঠ বিশ্বকাপ : চতুৰ্থ স্হান ১৯৬৬ চনত চোভিয়ট ইউনিয়ন হিচাবে। ৰাচিয়া হিচাবে তিনিবাৰ গ্ৰুপ স্টেজ পাৰ হব পৰা নাই
কিদৰে যোগ্যতা অৰ্জন কৰিছে : আয়োজক দেশ হিচাবে ৰাচিয়াই বিশ্বকাপ খেলিবলৈ যোগ্যতা অৰ্জন কৰিছে। ৰাচিয়াই স্পেইনৰ সৈতে ড্ৰ খেলিছে। আয়ভৰি কষ্টৰ বিৰুদ্ধে বেয়াকৈ ধাৰায়াৰী হৈছে
কি আশা কৰিব পাৰি : ৰাচিয়া গ্ৰুপ স্টেজৰ পৰা বাহিৰ হোৱাতো নিবিচাৰে সমৰ্থক সকলে।
তাৰকা কোন : ফৰৱাৰ্ড এলান ডজাগভ আৰু গলৰক্ষক ইগৰ একিনফিভৰ ওপৰতে নিৰ্ভৰশিল
সফলতা কেনেধৰনৰ : ঘৰুৱা মাটি,অৰ্থ আৰু ৰাজনৈতিক আদিৰ বাবে পৰবৰ্তী পৰ্যায় পাব পাৰে।
দল : উৰুগুৱে
শ্ৰেস্ঠ বিশ্বকাপ : বিজয়ী (১৯৩০, ১৯৫০)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : অস্কাৰ টাবাৰেজৰ দলে সুন্দৰ ফুটবল প্ৰদৰ্শনেৰে বিশ্বকাপত যোগ্যতা অৰ্জন কৰিছে।ঘৰৰ মাটিত জয়ৰ ৰেকৰ্ড গঢ়িছে
কি আশা কৰিব পাৰি : ২০১০ বিশ্বকাপৰ চতুৰ্থ স্হান প্ৰাপ্ত উৰুগুৱে দলৰ মিডফিল্ড অতি শক্তিশালী আৰু আক্ৰমনত্বক । লুইজ চোৱাৰেজ আৰু এডিনচন কাভানিৰ আক্ৰমন বিভাগ অতি শক্তিশালী।
তাৰকা কোন : লুইচ চোৱাৰেজ। তেওঁ ব্ৰাজিল বিশ্বকাপত পতিপক্ষ খেলুৱৈৰ কাণ কামুৰি আৰু দ: আফ্ৰিকা বিশ্বকাপত জানিশুনি ফাউল কৰি বাহিৰ হৈছিল।এইবাৰ কোনো বিতৰ্ক বিচৰা নাই সমৰ্থক সকলে।
সফলতা কেনেধৰনৰ : যদি চোৱাৰেজ,কাভানি,গডিনে নিজৰ খেল অনুযায়ী খেলিব পাৰে ছেমিফাইনেল পৰ্যন্ত আগবাঢ়িব পাৰে।
দল : ইজিপ্ত
শ্ৰেস্ঠ বিশ্বকাপ : গ্ৰুপ পৰ্যায় (১৯৯০)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : আফ্ৰিকাৰ অন্যতম শ্ৰেস্ঠ দল ইজিপ্তে ১৯৯০ চনৰ পাছত এইবাৰ নিজৰ শক্তিৰ বলত যোগ্যতা অৰ্জন কৰিছে। তাৰকা মহম্মদ চালাহৰ আঘাত দেশবাশীৰ বাবে অতি ভয়াৱহ ঘটনা আছিল।
কি আশা কৰিব পাৰি : প্ৰশিক্ষক হেক্টৰ কোপাৰে নিজক বচাই খেলিবলৈ পৰামৰ্শ দিছে।বিশেষ আশা কৰিব নোৱাৰি।অঘটন ঘটাব পাৰে।
তাৰকা কোন : নিঃসন্দেহে মহম্মদ চালাহ।জাতীয় নায়ক তেওঁ।তেওঁ বেলন ডিঅ'ৰ পাবলৈ সক্ষম হৈছে।
সফলতা কেনেধৰনৰ : চালাহ সফল হলে অন্তিম ১৬ স্হান পাব পাৰে।
দল : চৌদি আৰব
শ্ৰেস্ঠ বিশ্বকাপ : নকআউত পয্যায় (১৯৯৪)
কিদৰে যোগ্যতা অৰ্জন কৰিছে : যোগ্যতা নিৰ্ণয়কাৰী মেচত খেলৰ সহায়ত বিশ্বকাপত স্হান লাভ কৰিছে।
কি আশা কৰিব পাৰি : নতুন প্ৰশিক্ষক জুৱান এন্টনিঅ' পিজ্জিৰ কান্ধত গধুৰ দায়িত্ব।অঘটন ঘটাব পাৰে।
তাৰকা কোন : মহম্মদ আল চাহলাৱিয়ে যোগ্যতা নিৰ্নায়ক মেচত ১৬ টাকৈ গল দিছে।
সফলতা কেনেধৰনৰ : ১২ বছৰৰ পাছত বিশ্বকাপলৈ ঘুৰি আহিছে।সেয়াই যথেষ্ট।