অসমত এনআৰচিৰ ৩০ % কামহে কৰা হৈছে : হিমন্ত বিশ্ব শৰ্মা

অসমত এনআৰচিৰ ৩০ % কামহে কৰা হৈছে : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ স্বাস্থ্য,বিত্ত আৰু গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ হোৱা লৈকে বহুত দিঘলীয়া প্ৰকিয়া আৰু চৰকাৰে মাত্ৰ তিনি ভাগৰ এভাগতকৈও কম কামহে কৰা হৈছে।মন্ত্ৰী শৰ্মাই লগতে কয় যে এন আৰ চিৰ চুড়ান্ত ৰূপ পাবলৈ এতিয়াও বহুপৰ্যায় বাকী আছে খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা সকলে শংকিত হোৱাৰ কোনো কাৰণ নাই । প্ৰকৃত ভাৰতীয়ই এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে অবেদন আৰু দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব।নাম বাদ পৰা সকলে এনআৰচি সেৱা কেন্দ্ৰ সমূহত আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব।নিজৰ উপযুক্ত প্ৰমান পত্ৰ লৈ আবেদন কৰিলে নিশ্চয় এনআৰচিত নাম অন্তভূক্ত হব।কিবা বিসংগতি দেখিলে দাবী উত্থাপন কৰিবলৈ দেশৰ উচ্চ আৰু উচ্চতম ন্যায়ালয় সমূহ আছে।শৰ্মাই লগতে কয় দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ লগতে ভাৰতৰ ৰেজিষ্টাৰ জেনৰেল,ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰ আৰু ৰাইজৰ সহযোগত অতি সচ্চ আৰু নিকাভাৱে কৰা হৈছে।কোনো ধৰনৰ জাতি-ধৰ্ম কথা ইয়াত নাহে,সকলোৱে উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখি শান্তি আৰু সংহতি বৰ্তাই ৰাখিবলৈ মন্ত্ৰী জনে ৰাইজক আহ্বান জনায়।

Related Stories

No stories found.
Sentinel Assam
www.sentinelassam.com