এনআৰচিত অন্তৰ্ভূক্ত হোৱা বিদেশী নাগৰিকৰ বিৰুদ্ধে দাবী উত্থাপন কৰিবলৈ ৰাইজলৈ আহ্বান আছুৰ

এনআৰচিত অন্তৰ্ভূক্ত হোৱা বিদেশী নাগৰিকৰ বিৰুদ্ধে দাবী উত্থাপন কৰিবলৈ ৰাইজলৈ আহ্বান আছুৰ

৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ চূড়ান্ত খচৰা খনত বাংলাদেশীৰ নাম অন্তৰ্ভূক্ত হোৱা তথ্য লাভ কৰা পাছত সদৌ অসম ছাত্ৰ সন্থাই বাংলাদেশী মুক্ত এনআৰচি প্ৰকাশৰ বাবে ৰাইজক শক্তিশালীভাৱে দাবী উত্থাপন কৰিবলৈ আহ্বান জনাইছে।এনআৰচি চূড়ান্ত খচৰা খনত মৰিগাওঁ জিলাৰ ৩৯ টা পৰিয়ালৰ ২০০ জন সন্দেহজনক লোকৰ নাম অন্তৰ্ভূক্ত হোৱাৰ তথ্য পোহৰলৈ অহিছিল।

বিদেশী ঘোষিত,ভোট প্ৰদান কৰা সন্দেহজনক নাগৰিক আৰু যিসকল লোকৰ বিদেশী ন্যায়াধিৰনত গোচৰ চলি আছে সেইসকলৰ নামো এনআৰচিত অন্তৰ্ভূক্ত হোৱা বুলি জানিব পাৰি মৰিগাওঁ জিলা প্ৰশাসনৰ বিজ্ঞপ্তি জড়িয়তে এনআৰচিৰ ৰাজ্যিক সমন্নয়ক প্ৰতীক হাজেলাক জানিবলৈ দিছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে কয় যে সোনকালে এনআৰচিৰ দাবী উত্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হব,সেইসময়ত সকলোৱে অতি শক্তিশালীভাৱে দাবী উত্থাপন কৰিব লাগিব যাতে এনআৰচিৰ পৰা বাংলাদেশীৰ নাম কৰ্তন যায় আৰু অসমবাসীয়ে এখন বাংলাদেশী মুক্ত এনআৰচি লাভ কৰে।এনআৰচি হৈছে অসমীয়াৰ বাংলাদেশী মুক্ত অসম গঢ়াৰ অন্তিম সুযোগ,সেইকাৰনে এই সুযোগ এৰিব নালাগে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com