গোলাঘাটত ফল -মূলৰ নামত বৰবিহ বিক্ৰী

গোলাঘাটত ফল -মূলৰ নামত বৰবিহ বিক্ৰী

গোলাঘাট নগৰৰ ফল-মূলৰ নামত গ্ৰাহকক বৰবিহ বিক্ৰী হোৱা কাণ্ড পোহৰলৈ অহাত সমগ্ৰ জিলা খনতে চাঞ্চল্য সৃষ্টি হৈছে। এখন ফলমুলৰ দোকানৰ পৰা এজন গ্ৰাহকে আপেল ক্ৰয় কৰিছিল কিন্তু আচৰ্যজনক কথাটো হল যে আপেলখিনি কাটিবলৈ লওঁতেই বাকলিত মমৰ প্ৰলেপৰ দৰে কিছু ৰাসায়নিক দ্ৰব্য পৰিলক্ষিত হয়।এই ঘটনাক কেন্দ্ৰ কৰি নগৰ খনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।ইফালে মমৰ দৰে ৰাসায়নিক দ্ৰব্য মিশ্ৰিত আপেলখিনি গোলাঘাটৰ ফলমূলৰ পাইকাৰী ব্যৱসায়ী জয়ছোৱালৰ পৰা ক্ৰয় কৰাৰ কথা জনায় দোকানী জনে।উল্লেখযোগ্য যে এই ক্ষেত্ৰত বৰ্তমানলৈকে নিস্ক্ৰিয় ভূমিকাত গোলাঘাট প্ৰশাসন তথা বিভাগীয় বিষয়া কৰ্মচাৰী সকল। জানিব পৰা মতে,আমদানীকৃত আপেল সমূহ অধিক সময় ধৰি সজীৱ কৰি ৰাখিবলৈ স্প্ৰেৰ জৰিয়তে এই ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয়।এইদৰে কটাৰীয়ে কাটিলে মমৰ দৰে প্লাষ্টিক সদৃশ দ্ৰব্য ওলোৱা আপেলক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com