পিতৃৰ কামনাৰ বলি নিজৰেই কন্যা

পিতৃৰ কামনাৰ বলি নিজৰেই কন্যা

ডিব্ৰুগড় জিলাৰ টেঙাখাতত এক নাৰকীয় ঘটনা সংঘটিত হৈছে। নিজ পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী ১৩ বছৰীয়া দুৰ্ভগীয়া কিশোৰী । জানিবপৰামতে, ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত নকাৰী বায়েনচুক গাঁৱৰ অনিল শইকীয়াৰ পুত্ৰ কণক শইকীয়াই নিজ কণ্যাক বলাৎকাৰ কৰে । ঘৰত কোনো লোক উপস্থিত নথকাৰ সুযোগ গ্ৰহণ কৰি পাষাণ পিতৃয়ে নাৰকীয় ঘটনাটো সংঘটিত কৰে । ইফালে ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীয়ে মাতৃক সকলো কথা অৱগত কৰে । মাতৃ গৰাকীয়ে সকলো কথা ৰাইজক অৱগত কৰাত উত্তেজিত ৰাইজে কণক শইকীয়াক লপা-থপা দি পৰিবেশ উত্তাল কৰি তোলে । অৱশ্যে ঘটনাস্থলীত টেঙাখাত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্তক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত কিশোৰ গৰাকীৰ মাতৃয়ে নিজ স্বামীৰ বিৰুদ্ধে টেঙাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত ৫৭/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি পাষাণ পিতৃক ৰঙাঘৰলৈ নিক্ষেপ কৰে । শেহতীয়াকৈ আৰক্ষীয়ে ভুক্তভোগী কিশোৰী গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com