বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : D

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : D

আৰ্জেণ্টিনা

শ্ৰেষ্ঠ বিশ্বকাপ বিজয়ী : (১৯৭৮,১৯৮৬)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : আৰ্জেণ্টিনাৰ হৈ খেলা লিঅ'নেল মেচিয়ে ফুটবলৰ পৰা যোৱা বছৰ অৱসৰ লয়।কিন্তু পুনৰ তেওঁ ঘূৰি আহি নিজৰ দলক হেট্ৰিকৰ সহায়ত দলক বিজয়ী কৰাই বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে।

কি আশা কৰিব পাৰি : যোৱাবাৰ ফাইনেলত আশা ভংগ হোৱাৰ পিছত এইবাৰ পুনৰ হট ফেৱাৰেট হিচাপে অৱৰ্ত্তীন হ'ব মেচিৰ দেশ আৰ্জেণ্টিনা। সকলি ঠিকৈ ঠাকে থাকিলে বিজয়ী হ'ব পাৰে আৰ্জেণ্টিনা।

তাৰকা কোন: নিঃশন্দেহে বিশ্ব শ্ৰেষ্ঠ ফুটবলাৰ লিঅ'নেল মেচি।তেওঁ যিকোনো সময়তে প্ৰতিপক্ষৰ বাবে ভয়াৱহ হৈ উঠিব পাৰে ।

সফলতা কেনেধৰনৰ: এইবাৰ বিশ্বকাপৰ হট ফেৱাৰেটৰ তালিকাত জাৰ্মানি,স্পেইন আৰু ব্ৰাজিলৰ লগতে আৰ্জেণ্টিনাও আছে।আৰ্জেণ্টিনাক বিজয়ী কৰাব পৰা শক্তি আছে চুপাৰ ষ্টাৰ মেচি।

দল : ক্ৰোৰেচিয়া

শ্ৰেষ্ঠ বিশ্বকাপ বিজয়ী : তৃতীয় স্থান(১৯৯৮)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : ইউৰোত গ্ৰীচক পৰাস্ত কৰি চমক দিছিল ক্ৰোয়েচিয়াই। শেষত আইচলেণ্ডক হৰুৱাই যোগ্যতা অৰ্জন কৰিছে।

কি আশা কৰিব পাৰি : প্ৰশিক্ষক জলাটক'ৰ দল ক্ৰোয়েচিয়া ডাৰ্ক হৰ্চ হিচাপে জনাজাত।যিকোনি সময়তে অঘটন ঘটাব পাৰে।

তাৰকা কোন : ৰিয়েল মাৰ্দ্ৰিদৰ তাৰকা লুকা মদ্ৰিকে হৈছে দেশবাসীৰ পৰা বাবে হাৰ্টবিট আৰু মগজু।যিকোনো দলকে পৰাস্ত কৰিব পৰা ক্ষমতা আছে ক্ৰোয়েচিয়া।

সফলতা কেনেধৰনৰ : ক্ৰোয়েচিয়াই প্ৰথমে গ্ৰুপ ষ্টেজ অতিক্ৰম কৰাটোৱে বিচাৰিব।যিটো অত্যন্ত কঠিন।

আইচলেণ্ডৰ

শ্ৰেষ্ঠ বিশ্বকাপ : আইচলেণ্ডৰ প্ৰথম বিশ্বকাপ

কিদৰে যোগ্যতা অৰ্জন কৰিছে : সৰু দেশ হিচাপে ইউৰো কাপ খেলাৰ পিছত এইবাৰ বিশ্বকাপলৈ আহিছে আইচলেণ্ড।যাত্ৰা একেবাৰে সহজ ন'হব আইচলেণ্ডত।

কি আশা কৰিব পাৰি : দলীয় উৎসাহ আৰু একতাই হৈছে আইচলেণ্ডৰ মুল ভৰসা।কোনো দলে দুৰ্বল বুলি সহজে ললে বিপদত পৰাটো নিশ্চিত।

তাৰকা কোন : এভাৰ্টনৰ খেলুৱৈ গিলফি চিৰ্গাডচনে হৈছে আইচলেণ্ডৰ আশা ভৰসাৰ থল যদিও একতাই তেওঁলোকৰ মুল শক্তি।

সফলতা কেনেধৰনৰ : যদিও বিশেষ একো আশা কৰিব নোৱাৰি ইউৰোৰ দৰে অঘটন ঘটাব পাৰে আইচলেণ্ডে।

নাইজেৰিয়া

শ্ৰেষ্ঠ বিশ্বকাপ : ৰাউণ্ড১৬(১৯৯৪,১৯৯৮,২০১৪)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : জাৰ্মানৰ প্ৰশিক্ষক জাৰ্নৱ ৰহৰৰ দল নাইজেৰিয়া চুপাৰ ঈগল হিচাপে জনাজাত। আফ্ৰিকা মহাদেশৰ পাৱাৰ হাউচ নাইজেৰিয়াই সকলোতকৈ প্ৰথমে আফ্ৰিকাৰ দল হিচাপে বিশ্বকাপলৈ আহিছে।

কি আশা কৰিব পাৰি : আৰ্জেণ্টিনাৰ দৰে বিশ্বমানৰ দলক পৰাস্ত কৰি চমক দিয়া নাইজেৰিয়া দলৰ আক্ৰমন আৰু মিড ফিল্ড অত্যন্ত শক্তিশালী।

তাৰকা কোন : অভিজ্ঞতাৰ হিচাপত জন অবিমিকেলে মুখ্য তাৰকা যদিও উইলফৰেড নিডিদিয়ে হৈছে সম্ভ্যব তাৰকা।

সফলতা কেনেধৰনৰ :কোৱাৰ্টাৰ ফাইনেল খেলাটোৱে প্ৰথম লক্ষ্য যদিও গ্ৰুপ ষ্টেজৰ পৰা ওলাই অহাটো ইমান সহজ ন'হব নাইজেৰিয়াৰ বাবে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com