অঞ্জুৰাণী দেৱীলৈ কৃতী শিক্ষয়িত্ৰী প্ৰেৰণা বঁটা

অঞ্জুৰাণী দেৱীলৈ কৃতী শিক্ষয়িত্ৰী প্ৰেৰণা বঁটা
Published on

উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টে নগাঁও জিলাৰ বেবেজীয়া নিবাসী তথা জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জুৰাণী দেৱীলৈ শিক্ষা জগতলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে 'কৃতী শিক্ষয়িত্ৰী প্ৰেৰণা বঁটা ২০১৮' প্ৰদান কৰিছে। যোৱা ১৭ জুনত গুৱাহাটীৰ চান্দমাৰীত অৱস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শিক্ষয়িত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। তেওঁ লাভ কৰা বঁটাত আছে গামোচা, মানপত্ৰ, ট্ৰফীৰ লগতে বিভিন্ন উপহাৰ। উল্লেখ্য যে, শিক্ষকতা ৰ সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি যোৱা অঞ্জুৰাণী দেৱীয়ে এতিয়ালৈকে তিনিখনকৈ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও বিভিন্ন বাতৰি কাকত, আলোচনী আদিত প্ৰৱন্ধ, গল্প, কবিতা লিখি আহিছে। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা সাহিত্য সভাৰ তৰফৰপৰা কৰুণা দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা, বীৰাংগনা ফুলে বাঈ সাবিত্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com