অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ

অনিৰ্দিষ্ট কাললৈ চকা বন্ধৰ কাৰ্য্যসূচী প্ৰত্যাহাৰ
Published on: 

সদৌ ভাৰত মটৰ পৰিবহণ কংগ্ৰেছে আহ্বান কৰা অনিৰ্দিষ্টকালীন চকাবন্ধ প্ৰত্যাহাৰ কৰিলে।কালিৰ পৰা পুনৰ স্বাভাৱিক ভাৱে চলাচল কৰিব চৰকাৰী-বেচৰকাৰী যাত্ৰীবাহী বাহন সমূহ।এন আৰ চি তথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম–কাজ আৰু বানপানীৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰত্যাহাৰ কৰিলে চকাবন্ধৰ কাৰ্য্যসূচী। ডিজেলৰ মূল্যহ্ৰাসকে ধৰি ৬দফীয়া দাবীৰ সমৰ্থনত শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্টকালীন চকাবন্ধ ঘোষণা কৰিছিল মটৰ পৰিবহণ কংগ্ৰেছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো যাত্ৰীবাহী বাহনৰ চলাচল বন্ধ হৈ পৰে।যাৰ ফলত সকলো কৰ্মচাৰী তথা সাধাৰণ ৰাইজে দৈনন্দিন ব্যৱহাৰ কৰা যান-বাহনৰ সুবিধা নাপায় হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল।

The Sentinel - of this Land, for its People
www.sentinelassam.com