অন্তিম প্ৰি-কোৱাৰ্টাৰত ইংলেন্ডৰ সন্মূখত কলম্বিয়া

অন্তিম প্ৰি-কোৱাৰ্টাৰত ইংলেন্ডৰ সন্মূখত কলম্বিয়া

Published on

স্পাৰ্টাক ষ্ট্ৰেডিয়ামত মঙলবাৰে ভাৰতীয় সময় নিশা ১১ বাজি ৩০ মিনিটৰ পৰা অন্তিমখন প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ইংলেন্ড কলম্বিয়াৰ মুখামুখি হব।ইংলেন্ডৰ অধিনায়ক হাৰি কেনে সুন্দৰ ফৰ্মেৰে এতিলৈকে পাঁচটা গ'লেৰে গোল্ডেন বুটৰ তালিকাৰ শীৰ্ষত আছে।কেনৰ ফৰ্ম অতুত থাকিলে কলম্বিয়াৰ বিপদ নিশ্চিত।জেমচ ৰুড্ৰেগেজৰ আঘাতে চিন্তাত ৰাখিছে কলম্বিয়া শিবিৰক।ব্ৰিটিচ বাহিনীৰ কেনৰ লগতে ষ্টাৰলিং,আলিয়ে আক্ৰমনৰ দায়িত্বত থাকিব।দোয়োটা দলেই এতিয়ালৈ সুন্দৰ খেল দেখুওৱাৰ ফলত আজি কাৰ ভাগ্য নিৰ্নয় হব সেয়া সময়েহে কব।

The Sentinel - of this Land, for its People
www.sentinelassam.com