অবৈধ পেট্ৰল আৰু ডিজেল জব্দ

অবৈধ পেট্ৰল আৰু ডিজেল জব্দ
Published on: 

বৰপেটা জিলাৰ বিজালীৰ সকলো পেট্ৰল পাম্পত হেলমেট নিপিন্ধা বাইক আৰুহীক তেল নিদিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়াৰ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে চোৰাংকৈ তেল বিক্ৰী কৰা কাৰ্য্য পোহৰলৈ আহে।বজালী যোগান বিভাগৰ এছডিঅ' নেতৃত্বত ২০০ লিটাৰ অবৈধ পেট্ৰল আৰু ডিজেল জব্দ কৰিবলৈ সক্ষম হয়।এছডিঅ' বিজয়া ভাস্কৰ ৰেড্ডীৰ নিৰ্দেশত বিজালী বিভিন্ন স্থানত অভিযান চলাই যোগান বিভাগে।গেৰুৱাপাৰা গাওঁৰ বৈকুন্ঠ দাস,জহুৰুদ্দিন আৰু আব্দুল কালাম নামৰ তিনিজন ব্যক্তিৰ পৰা তেল খিনি জব্দ কৰিবলৈ সক্ষম হয়।যোগান বিভাগে তেওঁলোকৰ উপৰত এজাহাৰ দাখিল কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com