অবৈধ বাংলাদেশী আশাবাদী ৰাজ্যপাল, যোগাত্মক সমাধানৰ আশা

অবৈধ বাংলাদেশী আশাবাদী ৰাজ্যপাল, যোগাত্মক সমাধানৰ আশা
Published on: 

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে অসমত অবৈধ প্ৰব্ৰজনকাৰী বিশেষকৈ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সমস্যাটোৰ ক্ষেত্ৰত স্থায়ী সমাধানৰ আশা কৰিছে। মুখীয়ে কয় যে নাগৰিকত্ব (সংশোধনী) বিল,২০১৬ সৰ্ম্পকত ব্ৰহ্মপুত্ৰ আ বৰাক উপত্যকাত দুটা বিপৰীত মতামত গঢ়ি উঠিছে যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে অসমৰ জনগণ লগত উপযুক্ত আলোচনাৰ পিছতহে সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ৱ বুলি আশ্বাস দিয়ে। ৰাজ্যপালগৰাকীয়ে ৰাষ্ট্ৰপতিভৱনত হোৱা এক সভাত ৰাজ্যৰ পৰিস্থিতি সৰ্ম্পকৰ এক ৰিৰ্পট দাখিল কৰে। সভাত উপস্থিত থাকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যপালসকলক এক ভাৰত, শ্ৰেষ্ঠ ভাৰত পদক্ষেপক শক্তিশালী কৰিবলৈ আহবান জনায়, যাৰ জৰিয়তে বিভিন্ন ৰাজ্যৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ লগতে জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com