অবৈধ মাচুল দিবলৈ মান্তি নোহোৱা বাবে পাৰ্কিং পৰিচালকে অপদস্থ কৰিলে মহিলাক

অবৈধ মাচুল দিবলৈ মান্তি নোহোৱা বাবে পাৰ্কিং পৰিচালকে অপদস্থ কৰিলে মহিলাক

অসম চৰকাৰে যি সময়ত মহিলাৰ সুৰক্ষাৰ হকে আৰু দুৰ্নীতিৰ বিৰুদ্ধে ঢোঁল বজাই থকাৰ সময়তে অন্য দিশে গুৱাহাটীৰ জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিৰ চেণ্টেল ম'ল'ৰ ওচৰত গুৱাহাটী পৌৰ নিগমৰ পাৰ্কিং পৰিচালকে এগৰাকী মহিলাৰ লগত অপদস্থ কৰা বুলি অভিযোগ উথাপিত কৰিছে।

যোৱা বৃহস্পতি বাৰে গধূলি ৭মান বজাত মহিলা গৰাকীয়ে চেণ্ট্ৰল ম'ল'ৰ বিপৰীত দিশত গাড়ী পাৰ্কিং কৰা ঠাইত অবৈধ ভাৱে এজন লোকে পাৰ্কিং কৰা বিনিময়ত ৩০টকা খোজে,কিন্তু পৌৰ নিগমে ইতিমধ্যো প্ৰতি ঘণ্টাত ১০টকাকৈ মাচুল বিহাৰ এক নিয়ম প্ৰদান কৰি থোৱাৰ পিছতো সেই দুষ্ট ব্যক্তি গৰাকীয়ে মহিলা গৰাকীৰ পৰা এঘণ্টা নোহোৱাকৈয়ে ৩০টকা দাবী কৰে।মহিলা গৰাকীয়ে মাচুল দিয়াৰ বিনিময়ত ব্যক্তি জনৰ পৰা ৰছিদ বিচাৰে।কিন্তুু ব্যক্তি জনে যিখন ৰছিদ মহিলা গৰাকীক প্ৰদান কৰে,সেই ৰছিদ খনত কোনো ধৰনৰ সঠিক তথ্য অৰ্থাৎ গাড়ী ৰখোৱাৰ সময়,উলিয়াইৰ নিয়া সময়,মাচুলৰ মুল্যৰ কথা উল্লেখ নাই।মুঠতে ব্যক্তি জনে কোনো ধৰনৰ এখন সঠিক ৰছিদ প্ৰদান কৰিব নোৱাৰি সেই ঠাইৰ পৰা পলায়ন কৰে।

এতিয়া গুৱাহাটী পৌৰনিগম আৰু আৰক্ষী বিভাগে সেই পাৰ্কিং পৰিচালক জনৰ আৰু সেই অঞ্চলটিৰ পাৰ্কিং ঠাই খিনিৰ ঠিকা লোৱা ব্যক্তি জনৰ বিৰুদ্ধে কি সিদ্ধান্ত গ্ৰহন কৰে সেইয়া এক লক্ষ্যনীয় বিষয় হব।এই ঘটনাটোৱে অবৈধ পাৰ্কিং সেৱাৰ লগতে মহানগৰীত মহিলা সুৰক্ষাৰ কথাও সাঙুৰি লৈছে।অসম চৰকাৰে যি সময়ত মহিলাৰ সুৰক্ষাৰ হকে আৰু দুৰ্নীতিৰ বিৰুদ্ধে ঢোঁল বজাই থকাৰ সময়তে অন্য দিশে গুৱাহাটীৰ জিএছ ৰোডৰ খ্ৰীষ্টান বস্তিৰ চেণ্টেল ম'ল'ৰ ওচৰত গুৱাহাটী পৌৰ নিগমৰ পাৰ্কিং পৰিচালকে এগৰাকী মহিলাৰ লগত অপদস্থ কৰা বুলি অভিযোগ উথাপিত কৰিছে।

যোৱা বৃহস্পতি বাৰে গধূলি ৭মান বজাত মহিলা গৰাকীয়ে চেণ্ট্ৰল ম'ল'ৰ বিপৰীত দিশত গাড়ী পাৰ্কিং কৰা ঠাইত অবৈধ ভাৱে এজন লোকে পাৰ্কিং কৰা বিনিময়ত ৩০টকা খোজে,কিন্তু পৌৰ নিগমে ইতিমধ্যো প্ৰতি ঘণ্টাত ১০টকাকৈ মাচুল বিহাৰ এক নিয়ম প্ৰদান কৰি থোৱাৰ পিছতো সেই দুষ্ট ব্যক্তি গৰাকীয়ে মহিলা গৰাকীৰ পৰা এঘণ্টা নোহোৱাকৈয়ে ৩০টকা দাবী কৰে।মহিলা গৰাকীয়ে মাচুল দিয়াৰ বিনিময়ত ব্যক্তি জনৰ পৰা ৰছিদ বিচাৰে।কিন্তুু ব্যক্তি জনে যিখন ৰছিদ মহিলা গৰাকীক প্ৰদান কৰে,সেই ৰছিদ খনত কোনো ধৰনৰ সঠিক তথ্য অৰ্থাৎ গাড়ী ৰখোৱাৰ সময়,উলিয়াইৰ নিয়া সময়,মাচুলৰ মুল্যৰ কথা উল্লেখ নাই।মুঠতে ব্যক্তি জনে কোনো ধৰনৰ এখন সঠিক ৰছিদ প্ৰদান কৰিব নোৱাৰি সেই ঠাইৰ পৰা পলায়ন কৰে।

এতিয়া গুৱাহাটী পৌৰনিগম আৰু আৰক্ষী বিভাগে সেই পাৰ্কিং পৰিচালক জনৰ আৰু সেই অঞ্চলটিৰ পাৰ্কিং ঠাই খিনিৰ ঠিকা লোৱা ব্যক্তি জনৰ বিৰুদ্ধে কি সিদ্ধান্ত গ্ৰহন কৰে সেইয়া এক লক্ষ্যনীয় বিষয় হব।এই ঘটনাটোৱে অবৈধ পাৰ্কিং সেৱাৰ লগতে মহানগৰীত মহিলা সুৰক্ষাৰ কথাও সাঙুৰি লৈছে।

Top Headlines

No stories found.
Sentinel Assam
www.sentinelassam.com