অসমত ভালদৰে আগবঢ়া নাই গ্ৰামঞ্চলৰ আঁচনি সমূহ

অসমত ভালদৰে আগবঢ়া নাই গ্ৰামঞ্চলৰ আঁচনি সমূহ
Published on

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসমৰ গ্ৰামোঞ্চল উন্নয়নৰ এখন অতি উচ্চাকাংশী আঁচনি।সোনোৱাল চৰকাৰে আঁচনি সমূহৰ সঠিক ৰূপায়নৰ ক্ষেত্ৰত বেয়াকৈ ব্যৰ্থ হৈছে।তাৰ প্ৰভাৱ পৰিছেগৈ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰাম্য উন্নয়ন বিভাগৰ ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক ৰিপৰ্টত।অসমে মাত্ৰ ৪৪ শতাংশ আঁচনিৰ ধনহে মোকোলাই দিছে।গাওঁৰ নিবনুৱা যুৱক-যুৱতী সকলক দিনদয়াল উপাধ্যায় আঁচনিৰ জড়িয়তে ৰাজ্যৰ ৭৮,৫০৪ জন শিক্ষাৰ্থীক বিনামূলীয়া প্ৰশিক্ষনৰ লক্ষ্য আছিল যদিও মাত্ৰ ২১,০০০ গৰাকী শিক্ষাৰ্থীকহে প্ৰশিক্ষন প্ৰদান কৰিছে।১৫০৯.৯২ কিঃমিঃ পথ নিৰ্মানৰ বিপৰীতে মাত্ৰ ৫০০ৰ পৰা ৬০০ কিঃমিঃ পথহে নিৰ্মান কৰিবলৈ সক্ষম হৈছে।২,৫৯,৮১৪ টা বিনামূলীয়া গৃহ নিৰ্মানৰ লক্ষ্যৰ বিপৰীতে মাত্ৰ ১৬,২৯৯ টা গৃহৰহে নিৰ্মান সম্ভৱ হৈছে।২৮.১৮ হেক্টৰ খেতিমাটিৰ বিপৰীতে মাত্ৰ ৭.৪৮ হেক্টৰ মাটিতহে জলসিঞ্চন প্ৰকল্প সম্ভৱ হৈছে।কেন্দ্ৰীয় আঁচনিসমূহৰ প্ৰকৃত ৰূপায়ন নোহোৱাৰ ফলত ৰাজ্য উন্নয়ন কোন দিশে গৈছে সেয়া সময়তহে দেখা যাব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com