মূকাভিনয়ৰে ৰাষ্ট্ৰীয় জলপানি লাভ অসমৰ মিনাংক ডেকাৰ

মূকাভিনয়ৰে  ৰাষ্ট্ৰীয় জলপানি লাভ অসমৰ মিনাংক ডেকাৰ
Published on

সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ নতুন দিল্লীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰতিভাশালী ব্যক্তি সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় জলপানি প্ৰদান কৰি আহিছে । ২০১৬-২০১৭ বৰ্ষত অসমৰ হৈ একমাত্ৰ মিনাংক ডেকাই প্ৰতিনিধিত্ব কৰি মূকাভিনয় শাখাত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ পশ্চিম বৰাগাওঁ নিবাসী মিনাংক ডেকাৰ এই কৃতিত্বই পিতৃ গোপীকান্ত ডেকা আৰু মাতৃ বুলু ডেকাৰ লগতে সমূহ অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে। বনস্থলী একাডেমীৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা গনসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা মিনাংক ডেকাই বিগত পাঁচ বছৰ ধৰি গুৱাহাটীস্থিত "মাইম একাডেমী " ত সংগীত নাটক অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট মূকাভিনেতা মইনুল হকৰ ত্বত্যাৱধানত শিক্ষা গ্ৰহণ কৰি আছে।উল্লেখযোগ্য যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰা মিনাংক ডেকাই মূকাভিনয়ক অধিক জনমুখী কৰাৰ অৰ্থে "নিৰ্বাক যাত্ৰা" নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা, জন সজাগতা , দীপৰ বিল সুৰক্ষাৰ হকে বিভিন্ন অনুস্থান পৰিবেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com