অসহায় অৱস্থাত সীমা আৰক্ষী,বিদেশীৰ পলায়ন অব্যাহত

অসহায় অৱস্থাত সীমা আৰক্ষী,বিদেশীৰ পলায়ন অব্যাহত
Published on

বাংলাদেশৰ সীমান্তত সীমা আৰক্ষী অসহায় হৈ পৰা দেখিবলৈ পোৱা গৈছে।অসম চৰকাৰে ৫৬,৬০৭ জন ব্যক্তিক বিদেশী হিচাপে চিহ্নিত কৰাৰ পাছত ব্যক্তিসকল পলাবলৈ আৰম্ভ কৰিছে।আৰক্ষীক তেওঁলোকৰ আঙুলিৰ চাপৰ লগতে ফটো সংগ্ৰহ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে যদিও আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সামৰ্থ্য হোৱা নাই। সীমাত বহুতখিনি সুৰুঙা থকা বাবে এইলোকসকল পলাবলৈ সহজ হৈছে বুলি জানিবলৈ পোৱা গৈছে। ৩০ জুনত এনআৰচিৰ প্ৰকাশৰ পাছত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলাবলৈ আৰম্ভ কৰিছে বুলি জানিব পোৱা গৈছে। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com