অস্বাস্থ্যকৰ খোৱা সামগ্ৰীৰ দোকান ছীল

অস্বাস্থ্যকৰ খোৱা সামগ্ৰীৰ দোকান ছীল
Published on

খাদ্য সুৰক্ষা এটা দলে ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ সহযোগত যোৱাকালি বেলতলাত খাদ্য সামগ্ৰী সমূহৰ ওপৰত অভিযান চলাই।যোৱাকালি চলোৱা অভিযানত অস্বাস্থ্যকৰ মিঠাইৰ দোকান,ৰেষ্টোৰেণ্ট আৰু সৰিঁয়হৰ তেলৰ ফেক্টৰীসমূহ বন্ধ কৰি দিয়াৰ লগতে ভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা পৰিলক্ষিত হৈছে ।সকলোৰে পৰিচিত মেগা প্লাজাৰ প্ৰাইম বেকচ নামৰ দোকান খনো তিনিদিনৰ বাবে ছীল কৰে লগতে কানহা কিটছেনৰ অৱস্থাও অতি লেতেৰা হোৱা বাবে অতি সোনকালে তথা তিনিদিনৰ ভিতৰত চাফা কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

অহা ২৯জুনত গুৱাহাটীত খাদ্য সুৰক্ষা অফিচাৰৰ লগতে মন্ত্ৰী সমূহৰ এই বিষয়ৰ ওপৰত এখন সভা অনুষ্ঠিত হব।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com