BreakingNews
অহা আগষ্টৰ পৰা নতুন লেভেণ্ডাৰ ৰঙৰ ১০০ টকীয়া নোট ভাৰতৰ বজাৰত মুকলি হ'ব: ৰিজাৰ্ভ বেংক
ৰিজাৰ্ভ বেংকে ঘোষণা কৰিছে যে অতি সোনকালেই তেওঁলোকে নতুন ১০০ টকীয়া নোট মুকলি কৰিব। আগষ্ট মাহৰ প্ৰথম ভাগৰ পৰাই এই নতুন নোট প্ৰচলিত হ'ব। নতুন ১০০ টকীয়া নোট প্ৰচলিত হোৱাৰ পিছতো কিন্তু পুৰণি ১০০ টকীয়া নোটবোৰ চলি থাকিব। এই নতুন নোটবোৰ দেশৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন হিচাপে 'ৰাণী কি ভাৱ' থীমত চপোৱা হৈছে। এই থীম ভিত্তিক নোটৰ ধাৰণাটো নতুন ২০০ টকীয়া নোটৰ 'সানচী স্তুপা' থীমত চপোৱা সময়ৰ পৰা আহিছে। এই নতুন ১০০ টকীয়া নোটবোৰৰ লেভেণ্ডাৰ ৰঙৰ হ'ব আৰু ১০ টকীয়া নোটবোৰতকৈ আকাৰত অলপ ডাঙৰ হ'ব যদিও বৰ্তমান প্ৰচলিত ১০০ টকীয়াবোৰতকৈ অলপ সৰু হ'ব।ইতিমধ্যে এই নোটসমূহৰ চপাৰ কাম আৰম্ভ হৈছে আৰু অতি সোনকালেই বজাৰত প্ৰচলনৰ বাবে মুকলি কৰি দিয়া হ'ব।