অৰ্কিড উদ্যানত বেদখলত বাধা

অৰ্কিড উদ্যানত বেদখলত বাধা
Published on

যোৱা বুধবাৰে গুৱাহাটী উচ্চ ন্যায়লয়ে বোকাখাট ৰাজহ চক্ৰক অৰ্কিড উদ্যানৰ বেদখলৰ জাননী খন স্থগিত কৰি ৰাখে।জানিব পৰা মতে ২০ আগষ্টৰ পিছত দ্বিতীয়টো শুনানি হব।আন্তঃৰাষ্ট্ৰীয় কাজিৰঙা অৰ্কিড আৰু জৈৱ-বৈচিত্ৰ্য উদ্যান খনে ৬বিঘা,১কঠা,১২লেচা মাটি আইনী ভাৱে দখল কৰি থকা বুলি যি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ মৰ্মে ৭ দিনৰ ভিতৰত সেই মাটি মুকলি কৰি দিবলৈ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ পৰা জুলাইৰ ৫তাৰিখে এখন জাননী পঠিয়াইছিল।

The Sentinel - of this Land, for its People
www.sentinelassam.com