অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ শিমলুগুৰি ৰে'ল ষ্টেচনত

অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ শিমলুগুৰি ৰে'ল ষ্টেচনত
Published on: 

যোৱা মঙল বাৰে শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰে'ল ষ্টেচনত অসম কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হয়।আৰক্ষীৰ তথ্য অনুসৰি ছাত্ৰী গৰাকীক চলন্ত ৰে'লত প্ৰথমে ধৰ্ষন কৰি পিছত হত্যা কৰা হয়।শিৱসাগৰৰ আৰক্ষী পৰিদৰ্শক চুবুধ সোণোৱালে জনোৱা মতে ছাত্ৰী গৰাকীক মাতৃয়ে শিৱসাগৰ ষ্টেচনৰ পৰা ৰাতিপুৱা ৮.৫০মান বজাত ট্ৰেইনত উঠাই দিয়ে আৰু প্ৰায় ৯.১০মান বজাত ৰে'ল খন শিমলুগুৰিত উপস্থিত হয়। আৰু ছাত্ৰী গৰাকীক মৃত অৱস্থাত ৰে'ল ষ্টেচনৰ স্নানাগাৰত মূৰ্মূষ অৱস্থাত উদ্ধাৰ কৰা হয়।

The Sentinel - of this Land, for its People
www.sentinelassam.com