অৱশেষত এটা নতুন নীতি

অৱশেষত এটা নতুন নীতি

Published on

ৰাজ্যত অবৈধ বাংলাদেশীৰ সমস্যাটো বাঢ়ি অহাৰ সময়তে আদিবাসীসকলৰ ভূমি অধিকাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। সদ্যহতে, দিশপুৰে এই ক্ষেত্ৰত এটা খোজ আগুৱাই খিলঞ্জীয়াসকলক ন্যায় প্ৰদানৰ কাৰণে এক নতুন ভূমি নীতিৰ খচৰা বনাবলৈ এখন দুজনীয়া সমিতি গঠন কৰা ঘটনাই কিছু সকাহ প্ৰদান কৰিছে। ডেপুটী চেক্ৰেটাৰী মুকুট ফুকন আৰু ধীৰাজ সাউদক লৈ গঠিত এই সমিতিক ৩১ জুলাইৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com