আন্তঃজিলা জাতীয় বিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতা

আন্তঃজিলা জাতীয় বিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতা
Published on: 

তিনিচুকীয়া জিলাৰ জাতীয় বিদ্যালয়ৰ সমন্বয় কমিটী আৰু আন্তঃজিলা জাতীয় বিদ্যালয়ে অলপতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰে।প্ৰস্তাৱ অনুসৰি তৰ্ক প্ৰতিযোগিতা খনে ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাত পোৱা নম্বৰৰ ওপৰথ অধিক গুৰুত্ব প্ৰদান কৰাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলৰ দক্ষতা আৰু নতুনত্বৰ শক্তি নোহোৱা কৰি তুলিছে।ডুমডুমা জাতীয় বিদ্যালয়ৰ ছাত্ৰ চক্ৰেছ সোণোৱাল আৰু চিকাৰজান জাতীয় বিদ্যালয়ৰ ছাত্ৰী হিমাদ্ৰী মৰানে সন্মানীয়ভাৱে শ্ৰেষ্ঠ তাৰ্কিক হিচাপে খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।এতিয়া তথা পৰৱৰ্ত্তী সময়ত তেওঁলোক দুয়োজনে অনুষ্ঠিত হ'বলগীয়া জাতীয় বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ তৰ্ক প্ৰতিযোগিতাত অংশ-গ্ৰহন কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com