ইংলেণ্ডৰ স্বপ্ন ভংগ কৰি ফাইনেলত ক্ৰোয়েচিয়া

ইংলেণ্ডৰ স্বপ্ন ভংগ কৰি ফাইনেলত ক্ৰোয়েচিয়া

Published on

মস্কোৰ লুজনিকি ষ্টেডিয়ামত অনুস্থিত হোৱা দ্বিতীয়খন ছেমিফাইনেলত অতিৰিক্ত সময়ত ফৰৱাৰ্ড মাৰিঅ' মন্দজুকিকৰ বিজয়সুচক গ'লৰ সহায়ত ক্ৰোয়েচিয়াই ইংলেণ্ডক ২-১ গ'লত পৰাস্ত কৰি ৰাচিয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে।মেচৰ ৫ মিনিটতে কেৰান ট্ৰিপিয়াৰৰ গ'লেৰে ইংলেণ্ডে অগ্ৰগতি লাভ কৰে।প্ৰথম অৰ্ধৰ খেলত ক্ৰোয়েচিয়াই বহুত চেষ্টা কৰিও গ'ল কৰিবলৈ সক্ষম নহল।দ্বিতীয় অৰ্ধৰ ৬৮ মিনিটত ইভান পেৰিচিকে দৰ্শনীয় ভলীৰ সহায়ত গ'ল কৰি ক্ৰোয়েচিয়াৰ হৈ সমতা স্থাপন কৰে।মেচৰ ১-১ গ'লত ব্যৱধানত অন্ত হোৱাৰ পাছত ৰেফাৰীয়ে অতিৰিক্ত সময়ৰ সহায় লয়।অতিৰিক্ত সময়ৰ ১০৯ মিনিটত মন্দজুকিকে সুন্দৰ গ'লেৰে ক্ৰোয়েচিয়াক বিজয় প্ৰদান কৰাই নহয় ফাইনেলৰ পথ মুকলি কৰি দিয়ে।এতিয়া ক্ৰোয়েচিয়াই দেওবাৰে ১৯৯৮ চনৰ বিজয়ী ফ্ৰান্সৰ মুখামুখি হব।

The Sentinel - of this Land, for its People
www.sentinelassam.com