উত্তৰ কাচাৰৰ কৰ্মচাৰীৰ বাকী থকা দৰমহা প্ৰদানৰ ঘোষণা চৰকাৰৰ

উত্তৰ কাচাৰৰ কৰ্মচাৰীৰ বাকী থকা দৰমহা প্ৰদানৰ ঘোষণা চৰকাৰৰ
Published on

ৰাজ্যৰ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে উত্তৰ কাচাৰ পাহাৰ স্বশাসিত পৰিষদৰ সকলো কৰ্মচাৰীৰ বাকী থকা দৰমহা বনাচসহ প্ৰদানৰ ঘোষণা কৰে।বিত্তমন্ত্ৰীজনৰ দুদিনীয়া ভ্ৰমন কাৰ্য্যসুচীৰ দ্বিতীয় দিনা মন্ত্ৰী চুম ৰংঘাং,স্বশাসিত পৰিষদৰ অধক্ষ্য তুলিৰাম ৰাহাং,দেৱলাল গাৰ্লোচা আৰু বিধায়ক বিবি হাগজেৰ শৰ্মাৰ লগত বৈঠকত মিলিত হৈ মন্ত্ৰীজনে ঘোষণা কৰে।ডিমাহাচাও ভ্ৰমণ কৰি হিমন্ত বিশ্বৰ সাহাৰ্য্য ঘোষণা কৰে। ঘাইপথ নিৰ্মানৰ বাবে ৫০ কোটি ঘোষনা কৰাৰ লগতে ১০০ কোটি সকলো ধৰনৰ উন্নয়নৰ বাবে ঘোষণা কৰে।শৰ্মাই লগতে কয় যে হাফলং চিকিৎসালয়ত আইচিইউ ব্যৱস্থা কৰা হব।মাইবং কলেজত বিজ্ঞান শাখাৰ ব্যৱস্থা কৰাৰ লগতে হাফলং চৰকাৰী মহাবিদ্যালয়ত চিটৰ সংখ্যা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com