
"আয়কৰ বিভাগে উত্তৰ পূৱৰ পৰা ২০১৭-১৮ বৰ্ষত ৭,০৯৭ কৌটি টকা আহৰণ কৰে যিটো যোৱা বিত্তীয় বৰ্ষতকৈ ১৮% বেছি" এই কথা সদৰি কৰে কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী (ৰাজ্যিক) শিৱ প্ৰতাপ শুক্লাই। ইয়াৰ লগে লগে উত্তৰ পূৱৰ কৰদাতাৰ সংখ্যা হয় ৭.৩৮। উত্তৰ পূৱৰ প্ৰায় ১.২ কৌটি লোকক আয়কৰ আইন ১০(২৬) ৰ অধীনত কৰ ৰেহাই দিয়া হৈছে। এই আইন অনুসৰি, ষষ্ঠ অনুসূচীৰ অৰ্ন্তগত যিকোনো ঠাইত বাস কৰা অনুসূচীত জনজাতি লোকসকলক আৰু অৰুনাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এইকেইখন ৰাজ্যৰ অনুসূচীত জনজাতি লোকসকলক সকলোধৰণৰ আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে।