এনআৰচিত নাম পঞ্জীয়ন নোহোৱা ব্যক্তিক বিবেচনা কৰিব চৰকাৰে

এনআৰচিত নাম পঞ্জীয়ন নোহোৱা ব্যক্তিক বিবেচনা কৰিব চৰকাৰে
Published on

দেশৰ উচ্চতম ন্যায়ালয়ে এনআৰচিৰ চূড়ান্ত খচৰাৰ প্ৰকাশৰ দিন ৩০ জুলাইত ধাৰ্য্য কৰাৰ পাছত যিসকল ব্যক্তিৰ নাম এনআৰচিত অন্তৰ্ভূক্ত নহব তেওঁলোকৰ কথা বিবেচনা কৰিব বুলি জনায় ৰাজ্য চৰকাৰে।বৃহস্পতিবাৰে অসম সচিবালয়ত অনুস্থিত এখন গুৰুত্বপূৰ্ণ বৈঠকত চৰকাৰৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰঞ্জিত দত্ত,এনআৰচিৰ সমন্নয়ক প্ৰতীক হাজেলাৰ লগতে গৃহ আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকি এনআৰচি আৰু অসম চুক্তি ৰূপায়নৰ বিষয়ে আলোচনা কৰে।এনআৰচিত নাম পঞ্জীয়ন নোহোৱা ব্যক্তিৰ কথাও বিবেচিত কৰা কথাও জনায় হিমন্ত বিশ্বই।৩ লাখ মানুহৰ নাম এনআৰচিৰ পৰা কটা যাব সেইসকল যাতে খিলঞ্জিয়া নহয় তাত গুৰুত্ব দিয়া হব।যিসকল ব্যক্তিক নিৰ্বাচনী সমিতিয়ে ডি ভোটাৰ ঘোষণা কৰিছে তেওঁলোকক নিজৰ নথি-পত্ৰ এনআৰচি কৰ্তৃপক্ষক জমা দিবলৈ কোৱা হৈছে।সদৌ অসম ছাত্ৰ সন্থাই ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা কোনো বিদেশী ব্যক্তিৰ নাম যাতে এনআৰচিত নাহে সেইবাবে বাৰে বাৰে চৰকাৰক সকিয়াই আহিছে।কেবিনেটৰ উপসমিতিয়ে বৈঠকত অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত বহুতখিনি আলোচনা কৰা হয়।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com