এনআৰচি প্ৰকাশ: চূড়ান্ত খচৰাৰ পৰা প্ৰায় ডেৰ লাখ অযোগ্য মানুহৰ নাম বাদ পৰিব

এনআৰচি প্ৰকাশ: চূড়ান্ত খচৰাৰ পৰা প্ৰায় ডেৰ লাখ অযোগ্য মানুহৰ নাম বাদ পৰিব
Published on: 

এনআৰচিৰ প্ৰথম খচৰাত মানবীয় ভূলৰ বাবে অন্তৰ্ভূক্ত হোৱা প্ৰায় ডেৰ লাখ মানুহৰ নাম ৩০ জুলাইত প্ৰকাশ পাবলগীয়া চূড়ান্ত খচৰাৰ পৰা বাদ পৰিব। প্ৰথম খচৰাৰ সময়ত হোৱা বৃহৎ মানবীয় ভূলৰ বাবে এখন শুদ্ধ এনআৰচি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত আসোঁৱাহ থাকি গৈছে। এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই জনায় যে নাগৰিকত্ব নীতি, ২০০৩ য়ে ৰাজ্যিক এনআৰচিৰ কৰ্তৃপক্ষক ভূলসমূহ শুধৰাবলৈ বহুতো সুবিধা প্ৰদান কৰিছে। তেওঁ কয় যে এই ভূলসমূহ আংশিক খচৰাত হে আছে চূড়ান্ত খচৰাত নাই। সোমবাৰে এনআৰচিৰ শুনানিৰ সময়ত হাজেলাই উচ্চতম ন্যায়ালয়ৰ আগত এনআৰচিৰ প্ৰকাশৰ ক্ষেত্ৰত হোৱা মানবীয় ভূলবোৰৰ বিষয়ে কিছুমান তথ্য প্ৰকাশ কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com