এনআৰচি সন্দৰ্ভত দিচপুৰক সকলোধৰনৰ সহায় কৰাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ

এনআৰচি সন্দৰ্ভত দিচপুৰক সকলোধৰনৰ সহায় কৰাৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰৰ
Published on: 

এনআৰচিৰ চূড়ান্ত খচৰাখন ৩০ জুলাইত প্ৰকাশৰ দিন দেশৰ উচ্চতম ন্যায়ালয়ে ধাৰ্য্য কৰাৰ পাছত ৰাজ্যত যুদ্ধকালীনভাৱে প্ৰকাশৰ কাম আৰম্ভ হৈছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে অসম চৰকাৰক এনআৰচি প্ৰকাশৰ ক্ষেত্ৰত সকলোধৰনৰ সহায় কৰাৰ আশ্বাস দিয়াৰ লগতে নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।গৃহমন্ত্ৰী সিঙে কয় যে কোনো লোকক এনআৰচি প্ৰকাশৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান কৰাৰ লগতে অসম চৰকাৰক সকলোধৰনৰ সহায় আগবঢ়োৱাৰ কথা ঘোষনা কৰে।গৃহমন্ত্ৰীজনৰ চৰকাৰী বাসভৱনত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এনআৰচি সন্দৰ্ভত আলোচনা কৰি সিঙে কয় যে এইখন এখন খচৰাহে,প্ৰত্যেকজন নাগৰিকে দাবী উত্থাপন কৰাৰ সুযোগ লাভ কৰিব।

The Sentinel - of this Land, for its People
www.sentinelassam.com