এনআৰচি সন্দৰ্ভত দেওবাৰে দিল্লীত সভা আয়োজন

এনআৰচি সন্দৰ্ভত দেওবাৰে দিল্লীত সভা আয়োজন
Published on

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেওবাৰে দিল্লীত এনআৰচি সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকিব।প্ৰাপ্ত তথ্য অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে সভাপতিত্ব কৰিবলগীয়া সভাখনত গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে অসম চৰকাৰৰ শীৰ্ষ বিষয়াও উপস্থিত থাকিব।৩০ জুলাইত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছত ৰাজ্যত অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আকাংশা কৰি সোনোৱালে নিৰাপত্তাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com