এপিএছচি কেলেংকাৰীত অভিযুক্ত এপিএছ বিষয়া কবিতা দাসৰ আত্মগোপন

এপিএছচি কেলেংকাৰীত অভিযুক্ত এপিএছ বিষয়া কবিতা দাসৰ আত্মগোপন
Published on: 

এপিএছচি কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছে দুলীয়াজানত কৰ্মৰত এপিএছ বিষয়া কবিতা দাসৰ নাম। সদ্যহতে কৰ্মক্ষেত্ৰ এৰি আত্মগোপন কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। যোৱা ৮ দিনৰ পৰা কৰ্মক্ষেত্ৰত যোগদান কৰা নাই কবিতা দাসে আৰু তেওঁ ব্যৱহাৰ কৰি থকা মোবাইল ফোনো চুইটচ অফ হৈ আছে। যোৱা ২৫ মে'ত এপিএছচি কেলেংকাাৰী সন্দৰ্ভত হোৱা বিষয়াগৰাকীৰ হস্তাক্ষৰ পৰীক্ষাৰ টেবুলেশ্বন চীটত ডিব্ৰুগড় আৰক্ষীয়ে বিসংগতি ধৰা পেলায়। কিন্তু কবিতা দাসৰ আত্মগোপন আৰু কেলেংকাৰীৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে। ইফালে দিশপুৰৰ প্ৰভাৱশালী চক্ৰই কবিতা দাসক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিভিন্ন মহলত।

The Sentinel - of this Land, for its People
www.sentinelassam.com