এ আই আৰ গুৱাহাটীয়ে মুকলি কৰিব এফ এম চেনেল

এ আই আৰ গুৱাহাটীয়ে মুকলি কৰিব এফ এম চেনেল
Published on

প্ৰসাৰ ভাৰতী বৰ্ডৰ অধ্যক্ষ ড° সূৰ্য্য প্ৰকাশে খাৰঘূলিত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিজ বাসগৃহত সাক্ষাৎ কৰি গুৱাহাটীত এফ এম চেনেল মুকলি কৰা হব বুলি মত প্ৰকাশ কৰে।চলিত বৰ্ষৰ চেপ্তেম্বৰ মাহত চেনেলটি মুকলি কৰা হব।দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ নিয়ন্ত্ৰন সমিতিৰ অধ্যক্ষ ড° সূৰ্য্য প্ৰকাশে প্ৰথম বাৰৰ বাবে অসমলৈ আহে আৰু কেৱল অসমৰ বাবে এই এফ এম চেনেলটি মুকলি কৰিব বুলি মত প্ৰকাশ কৰে।সোণোৱালৰ সৈতে মিলিত হোৱা আলোচনাৰ যোগেদি প্ৰসাৰ ভাৰতী সংবাদাধ্যমটিয়ে দেশৰ ভিন্ন প্ৰান্তৰলৈ এক বিশেষ ভূমিকা পালন কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মত প্ৰদান কৰে।অসমত নতুনকৈ মুকলি হবলৈ গৈ থকা এই চেনেলটোৱে কেৱল অসম খনক,ৰাষ্ট্ৰীয় ভাৱে নহয় আন্তঃৰাষ্ট্ৰীয় ভাৱেও সমাদৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে অধ্যক্ষ গৰাকীৰ ব্যক্ত কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com