
ৰাজ্যত বহুদিনৰ পৰা হৈ থকা মূল্যবৃদ্ধি আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ জনগণ বিৰোধী নীতিৰ বিৰুদ্ধে বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী সমদল উলিয়ায়। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত বিৰোধী পক্ষই মেঘদূত ভৱনৰ ওচৰতো বিক্ষোভ কৰে আৰু ৰাষ্ট্ৰপতিৰ ওচৰত শ্বেতপত্ৰ দাখিল কৰে।
আনহাতে, ৰাজ্যিক বিজেপিয়ে এই সমদলক কংগ্ৰেছৰ নাটক বুলি অভিহিত কৰে।