কটনত ডকমকা কান্ডৰ দুষ্কৃতিকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ

কটনত ডকমকা কান্ডৰ দুষ্কৃতিকাৰীক শাস্তিৰ দাবীত প্ৰতিবাদ
Published on

কাৰ্বি আংলং জিলাৰ ডকমকাত গুৱাহাটীৰ দুজন প্ৰতিভাৱান যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নৃসংশভাৱে হত্যা কৰা কান্ডৰ সৈতে জড়িত দুষ্কৃতিকাৰীক অতি সোনকালে শাস্তি প্ৰদান কৰিবলৈ কটন বিশ্ববিদ্যালয় শিক্ষক সংস্থাই চৰকাৰক দাবী উত্থাপন কৰে।লগতে সংস্থাৰ সভাপতি ড° প্ৰহাস চন্দ্ৰ শৰ্মা আৰু সম্পাদক ড° ৰুমা তালুকদাৰে ২০১০ চনৰ ১৭ এপ্ৰিলত সংঘটিত হোৱা বিশ্ববিদ্যালয় খনৰ অধ্যাপিকা ড° বিভা দেৱীৰ হত্যা কান্ডৰ বিচাৰ প্ৰক্ৰিয়া লেহেমিয়া হোৱাত আশ্বৰ্য প্ৰকাশ কৰে।সংস্থাই প্ৰয়াত অধ্যাপিকা গৰাকীৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জড়িয়থে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰি দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায়।

The Sentinel - of this Land, for its People
www.sentinelassam.com