কলিকতাত বিজেপিৰ বৃহৎ ৰেলিত অংশগ্ৰহন অমিত শ্বাহৰ

কলিকতাত বিজেপিৰ বৃহৎ ৰেলিত অংশগ্ৰহন অমিত শ্বাহৰ

Published on

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কলিকতাত আগন্তক লোকসভা নিৰ্বাচনী প্ৰচাৰৰ এক বৃহৎ ৰেলিত অংশগ্ৰহন কৰি কয় যে আমি আজি পশ্চিমবংগক মমতা বেনাৰ্জী মুক্ত কৰিবৰ বাবে একেলগ হৈছো।সভাপতি জনে অসমৰ এনআৰচি সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী গৰাকীক সমালোচনা কৰি কয় যে বেনাৰ্জীয়ে এনআৰচি সন্দৰ্ভত অসমৰ ৰাইজৰ মাজত সম্প্ৰাদায়িক বৃষবাস্প সৃষ্টি কৰি অসমত তৃণমূল কংগ্ৰেছৰ শিপা মজবুত কৰিবলৈ চেষ্ঠা কৰিছিল যদিও অসমৰ ৰাইজে তেওঁৰ ষড়যন্ত্ৰক নাকচ কৰে।বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই কয় যে মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ পৰম্পৰা,সস্কৃতি আৰু ভবিষ্যত ধংশ কৰিছে।ৰেলিত সহস্ৰাধিক বিজেপি নেতা-কৰ্মীৰ লগতে সাধাৰন জনতাই অংশগ্ৰহন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com