কামাখ্যা মন্দিৰত চাফাই অভিযান

কামাখ্যা মন্দিৰত চাফাই অভিযান
Published on: 

পাইপলাইন সেৱাৰ মুখ্য প্ৰৱন্ধক বি কে মিশ্ৰাৰ নেতৃত্বত যোৱা ৭৫ জনীয়া দল এটাই কামাখ্যা মন্দিৰত চাফাই অভিযান চলাই জাৱৰ,পেলনীয়া প্লাচটিক,শুকান পাত আদি পৰিস্কাৰ কৰে।প্ৰধানমন্ত্ৰী স্বচ্ছ ভাৰত অভিযানৰ অধীনত দলটোৱে দেশৰ বিভিন্ন ঠাইত অভিযান চলাই যোৱাৰ কথা ঘোষণা কৰে।দলটোৱে শৌচাগাৰ বোৰ ব্লিচিং পাউডাৰৰ সহায়ত চাফা কৰিবলে আহ্বান জনায়।দলটোয়ে বগলা মন্দিৰৰ পৰা কামাখ্যা মন্দিৰলৈ সকলো ঠাই পৰিস্কাৰ কৰে।কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে ২৫ কোটি টকা অইল ইন্ডিয়া লিমিটেডৰ তৰফৰ পৰা প্ৰদান কৰাৰ কথা ঘোষনা কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com