কোৱাৰ্টাৰত চুইডেনৰ মুখামুখি ইংলেন্ড

কোৱাৰ্টাৰত চুইডেনৰ মুখামুখি ইংলেন্ড
Published on

চামাৰা এৰেনা ষ্ট্ৰেডিয়ামত শনিবাৰে ভাৰতীয় সময় ৭ বাজি ৩০ মিনিটৰ পৰা অনুস্থিত হবলগীয়া তৃতীয় খন কোৱাৰ্টাৰ ফাইনেলত চুইডেন ইংলেন্ডৰ মুখামুখি হব।ইংলেন্ড প্ৰি-কোৱাৰ্টাৰত কলম্বিয়াক টাইবেকাৰত হৰুওৱাৰ বিপৰীতে চুইডেনে চুইজাৰলেন্ডক পৰাস্ত কৰিছে।ইংলেন্ড ১৯৬৬ বিজয়ী হোৱাৰ লগতে ১৯৯০ চনত ছেমিত জাৰ্মানী বিৰুদ্ধে পৰাস্ত হৈছিল।চুইডেনে ১৯৫৮ত ফাইনেল খেলাৰ লগতে ১৯৩৮,১৯৫০,১৯৯৪ত ছেমিফাইনেলত প্ৰৱেশ কৰিছিলে।ব্ৰিটিচ বাহিনীৰ অধিনায়ক হেৰি কেনৰ ফৰ্মে চিন্তাত ৰাখিছে চুইডেন শিবিৰক,কেনক বান্ধি ৰাখিব নোৱাৰিলে চুইডেনৰ বিপদ নিশ্চিত।ইতিমধ্যে ৬টা গ'লেৰে গোল্ডেন বুটৰ শীৰ্ষত আছে কেন।

The Sentinel - of this Land, for its People
www.sentinelassam.com