গুৰুতৰ ভাৱে অসুস্থ শিশুলৈ সোনকালেই বিনামুলীয়া ৰাজ্যিক চিকিৎসা সেৱা

গুৰুতৰ ভাৱে অসুস্থ শিশুলৈ সোনকালেই বিনামুলীয়া ৰাজ্যিক চিকিৎসা সেৱা
Published on: 

অসম চৰকাৰে ১৪ বছৰৰ তলৰ গুৰুতৰ ভাৱে অসুস্থ শিশুসকলক বিনামুলীয়া চিকিৎসা প্ৰদানৰ বাবে সোনকালে এটা নতুন আঁচনি গ্ৰহণ কৰিব। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত হোৱা ১৯ খন কেন্সাৰ হস্পিতালৰ ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি কয় যে চৰকাৰে লিভাৰ ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট, ব'ন মেৰু ট্ৰান্সপ্লাণ্ট আৰু আন যিকোনো ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত শিশুসকলৰ বাবে সকলো ধৰণৰ খৰচ বহন কৰিব। তেওঁ লগতে কয় যে এই নতুন স্বাস্থ্য আঁচনিখন অহা তিনি মাহৰ ভিতৰত কাৰ্য্যকাৰী হ'ব।

The Sentinel - of this Land, for its People
www.sentinelassam.com