গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পথ কেতিয়াবালৈ হবনে উন্নত?

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পথ কেতিয়াবালৈ হবনে উন্নত?
Published on

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিকটৱৰ্তী এলেকা লখৰাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ যোৱা পথৰ অৱস্থা অতি শোচনীয়।উপযুক্ত পৰ্যবেক্ষণ আৰু মেৰামতিৰ অভাৱত সেই পথচোৱাৰ অৱস্থা দিনে দিনে বেয়াৰ দিশে ঢাল খোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি তেওঁলোকে বহু কেইবাৰ এই বিষয়ে স্থানীয় প্ৰশাসন আৰু গড়কাপ্তানি বিভাগক জনাইছে। বহুবাৰ আবেদন জনোৱাৰ পিছতো কোনো এটা সংশ্লিষ্ট বিভাগে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ ফলত পথটোৰ অৱস্থা আৰু বেয়াৰ পিনে ঢাল খোৱা দেখা গৈছে। কাৰাগাৰ বাসীৰ বাবে পথটো কিমান সুৰক্ষিত এতিয়া তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com