গোলাঘাটত জিলা উন্নয়ন সমিতিৰ সভা আয়োজন

গোলাঘাটত জিলা উন্নয়ন সমিতিৰ সভা আয়োজন
Published on: 

গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন গৃহত শুকুৰবাৰে জিলা উন্নয়ন সমিতিৰ সভা অনুস্থিত কৰা হয়।উপায়ুক্ত গৌৰৱ বথ্ৰাই সভাপতিত্ব কৰি কয় যে সকলো বিভাগৰে উন্নয়নৰ আঁচনি সমূহৰ সমগ্ৰ জিলাতে কাম হৈ আছে।উপায়ুক্ত জনে কামসমূহ যেনে পথ মেৰামতি,স্বষ্ট ভাৰত মিচনৰ শৌচালয় আদিৰ লগতে বিভিন্ন আঁচনিৰ কাম সোনকালে সম্পূৰ্ন কৰিবলে বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু ৰক্ষাৰ লগতে দুপৰীয়া ভোজন,জিএছটি আদিৰ বিষয়েও সভাত আলোচনা কৰা হয়।সভাত জিলা উন্নয়ন আয়ুক্ত বন্দনা দত্ত তামুলী,অতিৰিক্ত উপায়ুক্ত অৰ্পাস বাগলাৰী,ধনশিৰি মহকুমাৰ মহকুমাধিপতি বিপুল দাস,বোকাখাটৰ মহকুমাধিপতি বিবেক শ্যামৰ লগতে বিভিন্ন বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

The Sentinel - of this Land, for its People
www.sentinelassam.com