চকা বন্ধ আৰু সাধাৰণ ৰাইজ

চকা বন্ধ আৰু সাধাৰণ ৰাইজ
Published on

সদৌ ভাৰত মটৰ পৰিবহন কংগ্ৰেছ আৰু ভিন্ন মটৰ পৰিবহন সংস্থাই আহ্বান কৰা চকা বন্ধই সাধাৰণ ৰাইজক হাৰাশাস্তি কৰিছে।যোৱা কেইবা মাহ ধৰি ডিজেলৰ দৰ বৃদ্ধিৰ বাবে এই বন্ধৰ আহ্বান। প্ৰথম বন্ধৰ দিনাখন অসম ৰাজ্যিক পৰিবহন বাছ সংস্থাৰ বাছ সেৱা ৰাজপথত চলিছিল যদিও বেচৰকাৰী চিটী বাছ সমূহ,টাটা মেজিক আৰু ট্ৰেকাৰৰ চলাচল দেখা পোৱা নাযায়।এই বন্ধৰ ফলত সাধাৰণ ৰাইজ আৰু বেচৰকাৰী কৰ্মচাৰী সকলে ব্যৱহাৰ কৰা বেচৰকাৰী পৰিবহন সমূহ চলাচল অচল হৈ পৰাত বহু সমস্যা সন্মুখীন হ'ব লগীয়া হয়।ইয়াৰ উপৰিও এই বন্ধই সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সমূহকো বহু সমস্যা সন্মুখীনত পেলাই।

The Sentinel - of this Land, for its People
www.sentinelassam.com