চিকিৎসক নিযুক্তিৰ দাবী

চিকিৎসক নিযুক্তিৰ দাবী
Published on

বৃহত্তৰ অসমীয়া যুৱ মঞ্চ,ডিমৌ টাউন কমিটিৰ সভাপতি মনি কলিতা আৰু কাৰ্যবাহী সম্পাদক জান বৰুৱাৰ নেতৃত্ৰত ডিমৌ চক্ৰ বিষয়া মাধ্যমেৰে জিলা স্বাস্থ্য সঞ্চালকললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰত সংগঠনটোয়ে কয় যে থাওৰা বিধানসভা সমস্থিৰ ডিমৌ মডেল চিকিৎসালয় খনেই একমাত্ৰ চিকিৎসালয় যদিও তাত পৰ্য্যাপ্ত সা-সুবিধা নাই।অতি সোনকালে স্বাস্থ্য বিভাগে সকলো সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা লগতে এজন চিকিৎসকৰ লগতে নাৰ্চৰ নিযুক্তি দিবলৈ দাবী উত্থাপন কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com