ছেমিফাইনেলত আত্মবিশ্বাসী ইংলেণ্ডৰ সন্মূখত বিপদজনক ক্ৰোয়েচিয়া

ছেমিফাইনেলত আত্মবিশ্বাসী ইংলেণ্ডৰ সন্মূখত বিপদজনক ক্ৰোয়েচিয়া

Published on

মস্কোৰ লুজনিকি ষ্টেডিয়ামত ভাৰতীয় সময় ১১ বাজি ৩০ মিনিটৰ পৰা অনুস্থিত হবলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ড ক্ৰোয়েচিয়াৰ মুখামুখি হব।১৯৬৬ চনৰ বিজয়ী ইংলেণ্ড দলত হাৰি কেন,জেমি ভাৰ্ডী,ডেলে আলি,জ' হাৰ্টৰ দৰে তাৰকা খেলুৱৈ থকাৰ বিপৰীতে ক্ৰোয়েচিয়া দলত লুকা মৰ্ডিক,মাৰিঅ' মন্দজুকিক,ইভান ৰেক্টিক, মাটেঅ' কাভাচিকৰ দৰে তাৰকা।১৯৬৬ চনৰ বিজয়ী ব্ৰিটিচ দলতো ১৯৯০ শেষৰ বাৰৰ বাবে ছেমিফাইনেলত প্ৰৱেশ যত জাৰ্মানীৰ বিৰুদ্ধে টাইবেকাৰত পৰাস্ত হৈছিল।ক্ৰোয়েচিয়া ১৯৯৮ চনত ছেমিফাইনেলত প্ৰৱেশ কৰিছিল যত সেইবাৰৰ বিজয়ী ফ্ৰান্সৰ বিৰুদ্ধে পৰাস্ত হৈছিল।আজি এক আকৰ্ষনীয় খেলৰ আশা কৰিছে বিশ্বৰ কোটি কোটি ফুটবলপ্ৰেমীয়ে।ৰাচিয়া বিশ্বকাপত ৬টা গ'লেৰে গোল্ডেন বুটৰ শীৰ্ষত থকা অধিনায়ক হাৰি কেনৰ কান্ধত ধৰিয়েই বিশ্বজয়ৰ সপোন দেখিছে চাউথগেটৰ ইংলেণ্ডে।ব্ৰিটিচ বাহিনীৰ সপোন অতি সহজে পূৰ্ণ হবলৈ ক্ৰোয়েচিয়াই যে নিদিয়ে সেয়া নিশ্চিত।কোন দলে শেষ হাহি মাৰি ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ন হব সেয়া এই সময়ত কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com