ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত আন্দোলন ঘোষণা জনগোষ্ঠীয় ঐক্য মঞ্চৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত আন্দোলন ঘোষণা জনগোষ্ঠীয় ঐক্য মঞ্চৰ
Published on

দীৰ্ঘদিন ধৰি জনগোষ্ঠীকৰণৰ দাবী কৰি অহা অসমৰ ৬ জনগোষ্ঠীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত প্ৰতাৰণাৰ আৰোপ লগাই এই কাৰ্যৰ প্ৰতিবাদ কৰি আৰু নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ৰ বিৰোধিতা কৰি ধাৰাবাহিক আন্দোলনৰ ঘোষণা কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক বহুবাৰ জনজাতিকৰণ কৰিব বুলি আশ্বাস দি এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা আৰু জনগোষ্ঠীয় ঐক্যমঞ্চৰ দ্বাৰা নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰিবলৈ তিনিচুকীয়াত আজি এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেলত ছয়টা জনগোষ্ঠীৰ নেতায়ে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ওপৰত আক্ৰোশ প্ৰকাশ কৰে আৰু পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ অসমতে আন্দোলন গঢ়ি তুলিব বুলি ঘোষণা কৰে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com