ডিফু মেডিকেল কলেজৰ নতুন নামভৰ্তি বাতিল

ডিফু মেডিকেল কলেজৰ নতুন নামভৰ্তি বাতিল
Published on

ডিফু চৰকাৰী মেডিকেল কলেজত ২০১৮-১৯ বৰ্ষৰ বাবে নামভৰ্তি বাতিল কৰিছে। নতুন মেডিকেল কলেজখনৰ নিৰ্মাণৰ কাম মাত্ৰ ৮০% হে সম্পূৰ্ণ হোৱা বাবে নতুন ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ সুবিধা দিব নোৱাৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহন কৰিছে। মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই আবেদন কৰিছিল যদিও কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে আজি এই আবেদন নাকচ কৰে। মেডিকেল কলেজখনত পৰ্য্যাপ্ত সা-সুবিধাৰ লগতে শিক্ষক কৰ্মচাৰী নাই কাৰণেই আবেদন নাকচ কৰে বুলি জানিবলৈ পোৱা গৈছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com