তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ দেহাৱসান

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ দেহাৱসান
Published on

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ডি এম কেৰ প্ৰতিস্থাপক এম কৰুণানিধিৰ চেন্নাইৰ কাৱেৰি হাস্পতালত দেহাৱসান ঘটে।যকৃৎৰ জটিল সমস্যাত ভুগি থকা বৰ্ষীয়ান নেতাগৰাকী বহুকেইদিন ধৰি চিকিৎসালয় খনত চিকিৎসাধীন হৈ আছিল।মঙলবাৰে ৬ বাজি ১০ মিনিটত কৰুণানিধিৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসকে বৰ্ষীয়ান নেতা জনক মৃত বুলি ঘোষণা কৰে।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।

১৯২৪ চনৰ ৩ জুনত তামিলনাডুৰ নাগাপট্টিনম জিলাত জন্ম গ্ৰহণ কৰিছিল কৰুণানিধিয়ে। এম কৰুণানিধি পাচঁবাৰকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছিল। ১৯৬৯ চনত ডি এম কেৰ প্ৰতিস্থাপকজন পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সিংহাসনত অধিস্থিত হয় । ৰাজনীতিৰ পথাৰত খোজ পেলোৱাৰ পূৰ্বে তেওঁ তামিল ছবি জগতত চিত্ৰনাট্যকাৰ হিচাপে কাম কৰিছিল।কৰুণানিধিৰ মৃত্যুত সমগ্ৰ দেশে শোক প্ৰকাশ কৰিছে।

Top News

No stories found.
The Sentinel - of this Land, for its People
www.sentinelassam.com