তিনিচুকীয়াৰ ওচৰৰ গুইজানত দেওবাৰে সন্ধিয়া ডিব্ৰু নৈত পৰি দুজন লোকৰ মৃত্যু হয়। তথ্য অনুসৰি, ৰজত সিং(২৬)এ আন তিনিজন যুৱক নৃপেন শৰ্মা, প্ৰদীপ সিং, আৰু নিৰঞ্জন ডেকা লগতে তিনিগৰাকী যুৱতীয়ে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ফুৰিবলৈ ৰথিন পল নামৰ লোকজনৰ নাওঁ এখন ভাৰালৈ লৈছিল। কিন্তু ফুৰি থকাৰ মাজতে ৰজত হঠাতে নদীত পৰি য়ায় আৰু ৰজতক বচাবলৈ ৰথিনো নদীত জাপ দিয়ে আৰু দুয়োজনে নদীত ডুব যায়। এই ঘটনাৰ পিছত বাকীকেইজন লোকে নাওঁখন পাৰলৈ চপাই নি মনে মনে সেই ঠাই এৰি তিনিচুকীয়ালৈ পলাই যায়। ইয়াৰ পিছত স্থানীয় লোকে নদীত মানুহবিহীন নাওঁ খন ঘূৰি থকা দেখি খা খবৰ কৰাতহে ৰথিনৰ নাওঁ বুলি গম পায়। এই তথ্য অহা লৈকে এন দি আৰ এফৰ জোৱানে মৃতদেহৰ উদ্ধাৰ অভিযান চলাই আছিল।
Begin typing your search above and press return to search.