দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ সঞ্চালক প্ৰধানৰ

দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ সঞ্চালক প্ৰধানৰ
Published on

চলন্ত ৰেলত দুদিনত দুগৰাকীকৈ মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ লগতে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা অপৰাধ প্ৰৱনতাত উদ্বিগ্ন প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।উত্তৰ পূৱ ৰেল বিভাগৰ শীৰ্ষ বিষয়াৰ লগত আলোচনাত মিলিত হৈ শইকীয়াই কয় যে তেওঁ অভিযুক্ত সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিছে।ৰেলষ্টেচনৰ ভিতৰত থকা অবৈধ ব্যৱসায়ী সকলক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিছে।ষ্টেচন সমূহত চিচিটিভিৰ ব্যৱস্থা কৰা লগতে যাত্ৰীসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

The Sentinel - of this Land, for its People
www.sentinelassam.com