দেওবাৰে বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ সন্মূখত ক্ৰোয়েচিয়া

দেওবাৰে বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ সন্মূখত ক্ৰোয়েচিয়া
Published on: 

মস্কোৰ লুজনিকি ষ্ট্ৰেডিয়ামত অনুস্থিত হবলগীয়া বিশ্বকাপৰ চূড়ান্ত খেলখনত ১৯৯৮ চনৰ বিজয়ী ফ্ৰান্স ক্ৰোয়েচিয়াৰ মুখামুখি হব।এন্টনি গ্ৰিজমেন,পল পগবা,এমবাপেৰ দৰে তাৰকা সমৃদ্ধ ফৰাচী দলতো ফেবাৰেট হিচাপে নামিব যদিও গোল্ডেন বলৰ দৌৰত থকা অধিনায়ক লুকা মদ্ৰিক,মাৰিঅ' মন্দজুকিক,ইভান ৰেক্টিক,মাটেঅ' কাভাচিকৰ দৰে তাৰকা থকো ক্ৰোয়েচিয়াও কোনোগুনে কম নহয়।ছেমিফাইনেত ফ্ৰান্সে বেলজিয়ামক পৰাস্ত কৰাৰ বিপৰীতে ক্ৰোয়েচিয়াই ইংলেণ্ডক পৰাস্ত কৰে।দেওবাৰে ফাইনেলত কোন দলে শেষ হাঁহি মাৰিব সেয়া এতিয়া কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে।

The Sentinel - of this Land, for its People
www.sentinelassam.com