দ্বিতীয় টি২০ত পাঁচ উইকেটত পৰাস্ত ভাৰত

দ্বিতীয় টি২০ত পাঁচ উইকেটত পৰাস্ত ভাৰত
Published on

ইংলেন্ডৰ স্বেলেক ষ্ট্ৰেডিয়ামত অনুস্থিত হোৱা দ্বিতীয়খন টি২০ মেচত ভাৰতক পাঁচ উইকেটত পৰাস্ত কৰি শৃংখলাত ১-১ সমতা স্থাপন কৰিছে।প্ৰথমে বেটিং কৰি ভাৰতে অধিনায়ক বিৰাট কোহলীৰ ৩৮ টা বলত ৪৭ ৰান আৰু উইকেটৰক্ষক বেটছমেন ধোনীৰ ২৪ টা বলত ৩২ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেটৰ বিনিময়ত ১৪৮ ৰান সংগ্ৰহ কৰে।ইয়ন মৰগানৰ নেতৃত্ৰধীন ব্ৰিটিচ বাহিনীয়ে হেলচৰ বিস্ফোৰক ৪১ বলত ৫৮ ৰান আৰু বেৱাৰ্ষ্টোৰ ১৮ টা বলত ২৮ ৰানৰ সহায়ত পাঁচটা উইকেট হেৰুৱাই ২টা বল বাকী থকা অৱস্থাত বিজয় লক্ষ্যত উপনীত হয়।ভাৰতৰ হৈ উমেশ যাদবে দুটা উইকেট দখল কৰে।

The Sentinel - of this Land, for its People
www.sentinelassam.com